August 7, 2025 12:01 PM | President

printer

শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সভাপতিত্বত নতুন দিল্লীত আজি একাদশ সংখ্যক হস্ততাঁত দিৱস উদযাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত একাদশ সংখ্যক হস্ততাঁত দিৱস উদযাপনৰ কাৰ্যসূচীত সভাপতিত্ব কৰিব। বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ভাৰতৰ হস্ততাঁত খণ্ড আৰু গ্ৰাম্য অৰ্থনীতি তথা সাংস্কৃতি পৰিচয়ৰ প্ৰতি ইয়াৰ অৱদানক সন্মান জনোৱা। সমগ্ৰ দেশৰ প্ৰায় ৬৫০ গৰাকী শিপিনী, বিদেশী ক্ৰেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰোহত অংশগ্ৰহণ কৰিব। বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সচিব নীলম স্বামী ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব।

হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢে়াৱা শিপিনীসকলক এই অনুষ্ঠানতেই সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ’ব। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টকা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।