ডাউনলোড
মোবাইল এপ

android apple
signal

July 31, 2025 8:36 PM | President

printer

ঝাৰখণ্ডৰ দেওঘৰৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান প্ৰথম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে শ্ৰীমতী দ্রৌপদী মুৰ্মু উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এইমছ দেওঘৰক প্ৰতিষ্ঠাৰ ছবছৰৰ ভিতৰত ৫ খন জনজাতীয় গাঁৱত উন্নত প্রাথমিক স্বাস্থ্য যতন আৰু চিকিৎসা সুবিধা সুনিশ্চিত কৰাৰ বাবে প্ৰশংসা কৰিছে। ৰাষ্ট্ৰপতিগৰাকী আজি ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দেওঘৰৰ প্ৰথম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্রীমন্তী মুমুৱে লগতে এইমছ দেওঘৰক জনজাতীয় স্বাস্থ্যৰ উৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উন্নত স্বাস্থ্য যতনৰ পৰামৰ্শদান আৰু ভিতৰুৱা অঞ্চলসমূহত ড্রমযোগে ঔষধৰ যোগান ধৰাৰ বাবে প্ৰতিষ্ঠানখনে আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে। তেওঁ প্ৰতিষ্ঠানখনে আনৰ বাবেও উদাহৰণ দাঙি ধৰিছে বুলি অৱগত কৰে। আজিৰ অভিৱৰ্তনত ৫০ শতাংশৰো অধিক মহিলাই সোণৰ পদক অর্জন তথা শীৰ্ষ স্থান অধিকাৰ কৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত শ্ৰীমতী মুমুৱে ভালেমান ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে আগবাঢ়ি অহাটো গৌৰৱৰ বিষয় বুলি অভিহিত কৰে। তেওঁ এইমছ দেওঘৰক ছাত্ৰ-ছাত্ৰীৰ অনুপাত সমান হোৱাৰ বাবে শুভেচ্ছা জনায়। বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, ফেকালতি আৰু চিকিৎসাৰ লগত জড়িত আন বৃত্তিধাৰীসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত দেশৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ বাবে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক