ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে আজি ওড়িশাৰ ৰবেঞ্চ’ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত অংশগ্রহণ কৰাৰ লগতে কটকত অৱস্থিত ৰবেঞ্চ’ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে কেইবাটাও ভৱনৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমতী মুৰ্মুৱে ওড়িশাৰ প্ৰসিদ্ধ কবি তথা বুদ্ধিজীৱী আদিকবি সৰলা দাসৰ জয়ন্তীত অংশগ্ৰহণ কৰাৰ লগতে কটকত তেওঁ কলিংগ ৰত্ন পুৰস্কাৰ ২০২৪ অনুষ্ঠানত উপস্থিত থাকিব।
দুদিনীয়া ভ্ৰমণসূচীৰে কালি ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক ৰাজ্যপাল হৰিবাৰু কম্ভাপতি, মুখ্যমন্ত্রী মোহন চৰণ মাঝি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধান আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে ওড়িশাৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীক ওড়িশাৰ পৰম্পৰাগত লোক নৃত্যৰে সম্ভাষণ জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি ভূৱনেশ্বৰত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্রতিষ্ঠান এইমছৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে ৩১ গৰাকী ছাত্র-ছাত্রীক স্বর্ণ পদক প্রদান কৰাৰ লগতে ৬৪৩ গৰাকী শিক্ষাৰ্থীক স্বাস্থ্য সেৱা বিষয়ক ডিগ্ৰী প্ৰদান কৰে ৷