ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বৰেলী আৰু গোৰখপুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ আজি প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ ল’ব। ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগুৱাৰ, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ভগীথ চৌধাৰীয়েও এই সমাৰোহত অংশগ্রহণ কৰিব। সমাৱৰ্তন সমাৰোহৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু গোৰখপুৰলৈ যাব। তাত তেওঁ তিনিখন প্রতিষ্ঠানে আয়োজন কৰা পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে গোৰখপুৰৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান-এইমছৰ প্রথম সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃতি শিক্ষাৰ্থীসকলক মেডেল প্রদান কৰিব। পৰহিলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ প্ৰথম মহাযোগী গুৰু গোৰখনাথ আয়ুষ বিশ্ববিদ্যালয় উদ্বোধন কৰিব। বিয়লিৰ ভাগলৈ তেওঁ বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহ, শৈক্ষিক গৃহ আৰু পঞ্চকর্ম কেন্দ্ৰ মুকলি কৰাৰ লগতে ছনবাৰছাত মহাযোগী গোৰখনাথ বিশ্ববিদ্যালয়ৰ আৰোগ্যধাম চৌহদত ছাত্ৰীৱাসৰ আধাৰশিলা স্থাপন কৰিব ৷ ইয়াৰ লগতে শ্ৰীমতী মুৰ্মুৱে দুয়োটা দিনতে গোৰখনাথ মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা আগবঢ়াব। ৰাষ্ট্ৰপতি ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বৰেলী আৰু গোৰখপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
Site Admin | June 30, 2025 11:42 AM | President
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উত্তৰ প্ৰদেশ ভ্ৰমণ
