ডাউনলোড
মোবাইল এপ

android apple
signal

June 3, 2025 12:43 PM | President

printer

ভাৰতলৈ সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে পাৰাগুৱেক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰসংঘৰ লেখীয়া বহুপাক্ষিক মঞ্চত গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহত ভাৰতৰ স্থিতিলৈ অবিৰত সমৰ্থন আগবঢ়োৱাৰ বাবে পাৰাগুৱেৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি ভৱনত পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিঅচক আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু পাৰাগুৱেৰ সম্পৰ্কক আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ হিচাপে আখ্যা দিয়ে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ ঘটনাৰ পাছত সন্ত্ৰাসবাদক তীব্র নিন্দা কৰাৰ লগতে ভাৰতলৈ সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে তেওঁ পাৰাগুৱেৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে উভয় দেশে গণতন্ত্র, মানৱাধিকাৰ, আইনৰ নীতি, মত প্ৰকাশৰ স্বাধীনতা, শান্তি, সাৰ্বভৌমত্বৰ প্ৰতি সন্মান তথা ভৌগোলিক অখণ্ডতাৰ লেখীয়া একেধৰণৰ নীতিত বিশ্বাস কৰি চলে। অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অনুষ্ঠিত বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ সম্পৰ্ক অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অপৰিসীম অৱকাশ আছে বুলি মত প্ৰকাশ কৰে। পাৰাগুৱেৰ ৰাষ্ট্ৰপতিগৰাকীৰ সাম্প্ৰতিক ভ্রমণে উভয় দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বন্ধুত্ব গভীৰ কৰিবলৈ নতুন বাট মুকলি কৰিব বুলিও দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে আস্থা প্ৰকাশ কৰে। গোলকীয় দক্ষিণৰ অংশ হিচাপে ভাৰত আৰু পাৰাগুৱেৰ বিকাশৰ ক্ষেত্ৰত একেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বুলিও ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে মন্তব্য কৰে। তেওঁ কয়, যে শিক্ষা, নিয়োগ আৰু সামৰ্থ বৃদ্ধিত বিনিয়োগ আৰু অৰ্থনৈতিক সবলীকৰণৰ জৰিয়তে উভয় দেশে একে পদ্ধতিৰে এই প্ৰত্যাহ্বানসমূহৰ সমাধান কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক