ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত সাহিত্য সন্মিলন উদ্বোধন কৰিব। এই দুদিনীয়া সন্মিলনত কবিৰ সৈতে সাক্ষাৎ, ভাৰতৰ নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন বনাম পৰিৱৰ্তনৰ সাহিত্য আৰু গোলকীয় প্ৰেক্ষাপটত ভাৰতীয় সাহিত্যৰ নতুন দিশ আদি বিষয়ত ভিন ভিন সত্র অনুষ্ঠিত হ‘ব। দেৱী অহিল্যা বাঈ হোল্কৰৰ গাঁথাৰে এই সন্মিলনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি ভৱনে সাহিত্য একাডেমীৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰিছে। সংস্কৃতি আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাট আৰু সমগ্ৰ দেশৰ সাহিত্য জগতৰ বিশিষ্ট ব্যক্তিসকলে সন্মিলনত ভাগ ল‘ব ।
Site Admin | May 29, 2025 12:12 PM | President
ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সাহিত্য সন্মিলন উদ্বোধন
