ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 7:55 PM | President

printer

পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো দি চৌজাৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লীজবনত পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো দি চৌজাৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত যুটীয়াভাৱে আয়োজন কৰা সংবাদ মেলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে ভাৰত-পৰ্টুগালৰ বান্ধোনক ঐতিহাসিক ৰূপে অভিহিত কৰি ইয়াক আধুনিক আৰু বহুমাত্ৰিক অংশীদাৰিত্বৰূপে আগুৱাই নিয়াৰ হকে পোষকতা কৰে। আজিৰ বৈঠকত পৰ্টুগালৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বহুকেইটা দিশ সামৰি হোৱা আলোচনা ইতিবাচক বুলি শ্ৰীমতী মুর্মুৱে সংবাদ
মাধ্যমৰ আগত প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু তেওঁৰ পৰ্টুগাল আৰু শ্ল’ভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি পুৱা লিছবনত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ প্ৰধানমন্ত্রী লুইচ মণ্টেনিগ্ৰো আৰু নেচনেল এছেম্বলিৰ অধ্যক্ষ জোছ পেড্ৰ’ অগুইৰ ব্ৰেংকোক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সন্মানাৰ্থে লিছবনৰ মেয়ৰগৰাকীয়ে আজি এটা বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে। পৰ্টুগালত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ একাংশ ভাৰতীয় গৱেষকৰ সৈতেও মত বিনিময় কৰাৰ সম্ভাৱনা আছে।

এই ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰপতিগৰাকী শ্লোভাকিয়ালৈ ৰাওনা হ’ব। অহা ৯ আৰু ১০ এপ্ৰিলত শ্লোভাকিয়াৰ দুদিনীয়া ভ্ৰমণসূচীত শ্ৰীমতী মুমুয়ে দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৰ শ্লোভাকিয়া ভ্রমণে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ লগতে সম্প্ৰসাৰিত কৰিব। পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ জৰিয়তে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী হ’ব বুলিও আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক