ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 11, 2025 1:07 PM | President

printer

পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা এইমছৰ দীক্ষান্ত সমাৰোহত আজি ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্রমণসূচীৰে পাঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়লৈ যাব। ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে চণ্ডিগড়ত থকা পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান-এইমছৰ দীক্ষান্ত সমাৰোহত ভাগ লব। এই সময়ছোৱাত পাঞ্জাৱৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শ্রীমতী মুর্মুক সংগ দিব। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যসূচীসমূহৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শ্ৰীমতী মুৰ্মুৱে এহেজাৰ ৩১ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ, ৬০ গৰাকী পি এইচ ডি ডিগ্ৰী প্ৰদান কৰাৰ লগতে ৪৩ গৰাকী মেধাবী শিক্ষার্থীক স্বর্ণ পদক প্ৰদান কৰিব। ৫ গৰাকী ব্যক্তিক তেওঁলোকৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সফলতাৰ বাবে ডি-লীট ডিগ্ৰী প্ৰদান কৰা হব। এইমছৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চিকিৎসা ক্ষেত্ৰৰ কেইবাটাও ডিগ্ৰী প্ৰদান কৰিব। ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পাঞ্জাৱ চৰকাৰে তেওঁৰ সন্মানাৰ্থে মোহালীত আয়োজন কৰা এটা বিশেষ অনুষ্ঠানতো ভাগ লব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।