March 4, 2025 8:21 PM | President

printer

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলৰ কাৰ্য্য শাসন আৰু কল্যাণৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ – শ্ৰীমতী দ্রৌপদী মুর্মু

বহনক্ষম আৰু সৰ্বাত্মক বিকাশৰ বাবে সম্পদৰ দক্ষ আৰু নিৰপেক্ষ ব্যৱস্থাপনাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় ৰাজহ সেৱাৰ প্রশিক্ষার্থী বিষয়াসকলক উদ্দেশি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ হৈছে, ডিজিটেল যোগাযোগৰ ব্যৱধান হ্ৰাস পাইছে আৰু অৰ্থনৈতিক সুযোগ পূৰ্বৰ তুলনাত অধিক সুলভ হৈছে। তেওঁ কয়, যে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলৰ কাৰ্য্য শাসন আৰু কল্যাণৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ। নিকা, ফলপ্রসূ আৰু স্বচ্ছভাৱে অত্যাৱশ্যকীয় সম্পদ আহৰণৰ ক্ষেত্ৰত ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।