ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 7:02 PM | poshan sakti

printer

পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনৰ সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত চৰকাৰী আৰু চৰকাৰী সাহায্য লাভ কৰা বিদ্যালয়সমূহত প্ৰাক-প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ১১ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীক বিদ্যালয়তে প্ৰস্তুত কৰা আহাৰ পৰিৱেশন কৰা হয়। কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে সামগ্রী ব্যয়ৰ এই নতুন হাৰ অহা ১ মে’ৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ’ব বুলি প্ৰকাশ কৰিছে। ২০২৫-২৬ বৰ্ষত এই বৰ্ধিত হাৰৰ ফলত হোৱা ৯৫৪ কোটি টকাৰ অতিৰিক্ত ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। তদুপৰি এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে বিদ্যালয়সমূহলৈ ২৬ লাখ মেট্রিকটন খাদ্য সামগ্ৰীৰ যোগান ধৰিছে বুলি মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে। উল্লেখযোগ্য যে চৰকাৰে ১০০ শতাংশ পৰিবহণ ব্যয় আৰু প্ৰতিবছৰে প্ৰায় ৯ হাজাৰ কোটি টকাৰ ৰাজ সাহায্যকে ধৰি খাদ্য সামগ্ৰী যোগানৰ ১০০ শতাংশ ব্যয় বহন কৰে।

অধিক পঢ়ক

সকলো চাওক