ডাউনলোড
মোবাইল এপ

android apple
signal

আহমেদাবাদৰ সমীপৰ লোথালত নির্মীয়মাণ ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সমীপৰ প্ৰাচীন নগৰ লোথাললৈ যায় আৰু লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। প্রধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো ভাগ লয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ ৪ হাজাৰ ৫ শ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে। সমগ্ৰ বিশ্বতে ভাৰতৰ সামুদ্রিক শক্তিৰ বিষয়ে অৱগত কৰোৱাই হৈছে এই ঐতিহ্য চৌহদ নিৰ্মাণৰ মূল লক্ষ্য। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে ধোলো স্মার্ট ছিটিৰ পৰিদৰ্শন কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৱনগৰত আয়োজিত সমুদ্র সে সমৃদ্ধি অনুষ্ঠানত ৩৪ হাজাৰ ২০০ কোটিতকৈও অধিক ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৭ হাজাৰ ৮০০ কোটি টকাতকৈও অধিক ব্যয়ৰ সামুদ্রিক প্রকল্পও ইয়াত অন্তৰ্ভুক্ত হৈ আছে। প্রধানমন্ত্ৰীগৰাকীয়ে বন্দৰ, জাহাজ পৰিবহণ মন্ত্ৰ্যালয়ৰ ৬৬ হাজাৰ কোটিতকৈও অধিক ব্যয় সাপেক্ষে ২১ খন বুজাবুজিৰ চুক্তি ভার্চুৱেল মাধ্যমেৰে উৎসৰ্গা কৰে। অনুষ্ঠানত ভাষণ দি বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে দেশৰ সামুদ্রিক খণ্ডত বিগত ১১ বছৰত ব্যাপক ইতিবাচক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। এই পৰিৱৰ্তনত বন্দৰ খণ্ডৰ যথেষ্ট বৰঙণি আছে বুলি তেওঁ মত প্রকাশ কৰে। দেশত বন্দৰ খণ্ডৰ সামৰ্থ্য দুগুণ হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে বয়-বস্তু সৰবৰাহ কৰাৰ ক্ষেত্ৰতো অভিলেক সৃষ্টি হৈছে। দেশত জলপথ খণ্ডতো বিকাশ পৰিলক্ষিত হোৱা বুলি তেওঁ কয়। ইয়াৰ পূৰ্বে ভাৱ নগৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰৰ পৰা জৱাহৰ গ্ৰাউণ্ডলৈ এটা বিশাল ৰ’ড শ্বোত অংশগ্ৰহণ কৰে।