প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা তথা ৰাজনীতিবিদ আৰ সম্পথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে প্রয়াত সম্পথানৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎ সদায় মনত থাকিব। তেওঁ কয় যে প্রয়াত সম্পথানে শ্ৰীলংকাৰ তামিল জনসাধাৰণৰ শান্তি, নিৰাপত্তা, সমান সুযোগ, ন্যায় আৰু মৰ্যাদাৰ বাবে কাম কৰিছিল। শ্রী মোদীয়ে কয় যে শ্রীলংকাৰ তামিল আৰু ভাৰতীয়সকলে সম্পথানৰ অনুপস্থিতি অনুভৱ কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত সম্পাথনৰ পৰিয়াল আৰু বন্ধু-বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। এইগৰাকী বর্ষীয়ান নেতা শ্ৰীলংকাৰ সংসদলৈ ৬বাৰকৈ নিৰ্বাচিত হৈছিল আৰু বিৰোধী পক্ষৰ এজন নেতা হিচাপে কাৰ্যভাৰ চলাইছিল।
বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে ৰাজনীতিবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি যোৱা কেইবাদশকো ধৰি তেওঁৰ সৈতে কৰা বৈঠক আৰু আলোচনা স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় প্ৰয়াত সম্পথানে তেওঁৰ সমগ্ৰ জীৱন শ্ৰীলংকাৰ তামিলসকলৰ ন্যায়, মৰ্যাদা আৰু সমতাৰ বাবে যুঁজ দিছিল।