ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে ডনাল্ড ট্রাম্পৰ সৈতে কথা পাতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা আকৰ্ষণীয় জয়ৰ বাবে তেওঁক অভিনন্দন জনায়। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন ভালেমান খণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈ পুনৰ একেলগে কাম কৰিবলৈ আগ্রহী। প্রধানমন্ত্ৰীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিৰ্বাচনৰ ৰিপাব্লিকান দলৰ প্ৰদৰ্শনৰ বাবেও ৰাষ্ট্ৰপতি ট্রাম্পক অভিনন্দন জ্ঞাপন কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে দুয়োগৰাকী নেতাই আলোচনা কালত বিশ্ব শান্তিৰ হকে একেলগে কাম কৰাৰ কথা প্ৰকাশ কৰে। ভাৰতবৰ্ষক এখন আকর্ষণীয় দেশ বুলি অভিহিত কৰি শ্ৰীট্টাম্পে প্রধানমন্ত্রী মোদীক এগৰাকী আকর্ষণীয় ব্যক্তি বুলি মন্তব্য কৰে। শ্ৰীট্টাম্পে কয় যে তেওঁ প্ৰধানমন্ত্রী মোদী আৰু ভাৰতবৰ্ষক প্ৰকৃত বন্ধু বুলি গণ্য কৰে।