June 7, 2025 8:19 PM | PM

printer

ভাৰতক লক্ষ্য কৰি চলোৱা যিকোনো আক্ৰমণৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক লক্ষ্য কৰি চলোৱা যিকোনো আক্ৰমণৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হব আৰু সন্তাসবাদী আৰু ষড়যন্ত্ৰকাৰীৰ মাজত কোনো ধৰণৰ ভেদাভেদ কৰা নহব বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা নিবন্ধ শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ নিবন্ধত পাকিস্তানৰ পৃষ্ঠপোষকতা প্রাপ্ত সন্ত্রাসবাদ সদ্য নকৰা নীতিৰ বিষয়ে উল্লেখ কৰে আৰু ইয়াৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰৰ আশ্বাস দিয়ে। তেওঁ কয়, যে সন্ত্রাসবাদ আৰু আলোচনা একেলগে সম্ভৱ নহয়। পাকিস্তানৰ সৈতে ভৱিষ্যতে আলোচনা হলে অকল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰক লৈ আলোচনা কৰা হব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে যদি পাকিস্তান আলোচনাক লৈ সঁচাকৈ আগ্রহী তেন্তে দেশখনে ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ বুলি ঘোষণা কৰা হাফিজ ছঈদ আৰু মাছুদ আজাৰৰ দৰে সন্ত্রাসবাদীসকলক ভাৰতক গতাই দিয়া উচিত। তেওঁ কয়, যে সন্ত্রাসবাদ অকল ভাৰতৰ নহয়, বৰং সমগ্ৰ বিশ্বৰ সমস্যা। সন্ত্রাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ বাবে বিশ্বই ঐক্যবন্ধভাৱে প্ৰয়াস চলোৱা উচিত বুলি শ্ৰী সিঙে কয়। মন্ত্ৰীগৰাকীয়ে লগতে বিশ্ব সম্প্রদায়ক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পাঁচটা পন্থাৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ভিতৰত সন্ত্ৰাসবাদৰ সংজ্ঞা নিৰ্ধাৰণ কৰা, সন্ত্রাসবাদী সংগঠন আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ ধন বাজেয়াপ্ত কৰা আৰু প্রতিবেশী ৰাষ্ট্ৰক অস্থিৰ কৰি তোলাৰ বাবে সন্ত্ৰাসবাদৰ সহায় লোৱা দেশসমূহ চিনাক্ত কৰা অন্যতম।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।