ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল’ব লাগে।