November 27, 2025 2:24 PM

views 35

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগ...

November 24, 2025 6:00 PM

views 26

প্রধানমন্ত্ৰী মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব। তেওঁ মহর্ষি বশিষ্ঠ, মহর্ষি বিশ্বামিত্র, মহর্ষি অগ্যস্ত, মহর্ষি বাল্মিকী, দেৱী অহল্যা, নিষধৰাজ গুহা আৰু মাতা শবৰীৰ মন্দিৰ থকা সপ্তমন্দিৰ স্থানো দৰ্শন কৰিব। তাৰ পাছতে প্রধানমন্ত্ৰীয়ে শেষঅৱতাৰ মন্দিৰলৈ যাব। প্রধানমন্ত্রীয়ে মাতা অন্নপূর্ণা মন্দিৰ দৰ্শন কৰিব আৰু ইয়াৰ পাছত ৰামদৰবাৰ গৰ্ভগৃহত পূজা অৰ্চনা কৰিব। ইয়াৰ পাছতে তেওঁ ৰামলালা গৰ্ভগৃহ দৰ্শন কৰিব। শ্রীমোডীয়ে অযোধ্যাৰ শ্ৰীৰামজনমভূমি মন্দিৰৰ চূড়াত গেৰুৱ...

September 19, 2025 8:46 PM

views 49

দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিতঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ এটা প্ৰৱন্ধৰ প্রসঙ্গ উল্লেখ কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাগৰমালা, গভীৰ মহাসাগৰীয় অভিযানৰ দৰে পদক্ষেপসমূহে বিভিন্ন সম্প্রদায়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশ্ব সাগৰীয় ক্ষেত্ৰখনত ভাৰতৰ নেতত্ব অধিক শক্তিশালী কৰি তুলিছে বুলিও প্...

July 18, 2025 3:24 PM

views 34

বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত ৭ হাজাৰ ২০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰে’ল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্রধানমন্ত্রীয়ে লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজেন্দ্ৰ নগৰ, দভাংগা, ভগলপুৰ আৰু মতিহাৰী ৰে'ল ষ্টেচনৰ পৰা চাৰিখনকৈ নতুন অমৃত ভাৰত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে'লকেইখনে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক দেশৰ আন অংশৰ সৈতে সং...

June 11, 2025 6:07 PM

views 67

২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে আয়োজিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে ওড়িশা প্ৰশাসনীয় সেৱাৰ ৬০ গৰাকী বিষয়াক দায়িত্ব অৰ্পন কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে শেহতীয়া নতুন দিল্লী ভ্ৰমণকালত তেওঁৰ চৰকাৰৰ প্ৰথম বৰ্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰ...

December 24, 2024 3:33 PM

views 34

কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে অর্থনীতিবিদৰ সৈতে আলোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে একাংশ অর্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়াম আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে।

November 2, 2024 6:16 PM

views 36

ভাৰত আৰু গ্ৰীচৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সহমতত উপনীত প্রধানমন্ত্ৰী মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ’ টেকিছ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ' টেকিছ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। টেলিফোনযোগে হোৱা এটা কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক মণ্ডল আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত-বিনিময় কৰে। দুয়োগৰাকী নেতাই শেহতীয়া উচ্চ পৰ্যায়ৰ মত-বিনিময়ৰ জৰিয়তে দ্বিপাক্ষিক সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁলোকে বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহন আ...

November 1, 2024 5:45 PM

views 52

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ দেহাৱসান

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ আজি নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছত দেহাৱসান ঘটে। ৬৯ বছৰ বয়সীয়া অর্থনৈতিক বিশেষজ্ঞগৰাকীক যোৱানিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অর্থনীতিবিদগৰাকীয়ে ৰামকৃষ্ণ মিছন বিদ্যালয়, কলকাতাৰ প্ৰেছিডেন্সী কলেজ, দিল্লী স্কুল অৱ ইকনমিকছ আৰু কেম্ব্ৰিজৰ ত্ৰিনিটী কলেজত শিক্ষাগ্ৰহণ কৰিছিল। কৰ্মজীৱনত তেওঁ ভালেমান স্থানত ভিন ভিন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বিবেক দেবৰয়ৰ বিয়োগত গভীৰ শো...

October 7, 2024 2:19 PM

views 30

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ আলোচনা

  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰ ভাগত ড° মুইজ্জুৱে ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ৰাজঘাটলৈ যায় আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। কাইলৈ ৰাষ্ট্ৰপত...

October 2, 2024 3:36 PM

views 38

অসমৰ লগতে দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ কামৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ'বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ কামৰ শুভাৰম্ভণিৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত চাৰিটা এনে প্রকল্প স্থাপন কৰিবলৈ লৈছে। কেন্দ্ৰীয় চৰকাৰৰ ভৱিষ্যমুখী দীর্ঘস্থায়ী শক্তি সম্পৰ্কীয় দৃষ্টিভংগীৰ অধীনত ৰাজহুৱা খণ্ডৰ গোটলৈ আগবঢ়োৱা বিনিয়োগ আৰু ব্যক্তিগত উদ্যমীৰ সৈতে সহযোগিতাৰে ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ অং...