প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে । মুম্বাইত অনুষ্ঠিত হোৱা বিশেষ গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ ত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে, ভাৰতত ফিনটেক গ্ৰহণৰ গতি আৰু পৰিসৰৰ তুলনা কৰিব নোৱাৰি। বিশ্বৰ ডিজিটেল আদান প্ৰদানৰ প্ৰায় ৫০ শতাংশ ভাৰততে হয়। প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, বিত্তীয় সেৱাৰ গণতান্ত্ৰিকৰণত ফিনটেকৰ ভূমিকা উল্লেখযোগ্য। তেওঁ কয় যে, ডিজিটেল লেনদেনে সমান্তৰাল অৰ্থনীতিৰ বিপদ হ্ৰাস কৰিছে আৰু বেংকিং ব্যৱস্থাত স্বচ্ছতা বৃদ্ধি কৰিছে। প্রধানমন্ত্ৰীয়ে সজোৰে কয় যে, ভাৰতত ফিনটেকে কঢ়িয়াই অনা অকল প্ৰযুক্তিৰ মাজতে সীমাবদ্ধ নাথাকি ই সমাজ ব্যৱস্থাত সূদূৰপ্ৰসাৰি প্ৰভাৱ পেলাইছে। ভাৰতৰ ফিনটেক উদ্ভাৱনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, বিগত দশকত ভাৰতীয় উদ্যোগ জগতত ৫০০ শতাংশ ষ্টার্টআপ বৃদ্ধিৰ লগতে অভিলেখ সৃষ্টি কৰি ৩১ বিলিয়ন ডলাৰতকৈ অধিক বিনিযোগ হৈছে। অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মতামত আগবঢ়াই যে, ভাৰত এতিয়া এনে এটা ৰূপান্তৰৰ পথত উপস্থিত হৈছে য’ত প্ৰযুক্তিয়ে হ’ব প্ৰতিজন নাগৰিকৰ আশা আকাংক্ষা পূৰণৰ ইঞ্জিন। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনটেক লেণ্ডস্কেপৰ শেহতীয়া উদ্ভাৱনসমূহৰ লগতে জি এফ এফ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। ভাৰতীয় পেমেণ্টছ্ কাউন্সিল, ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্তৃপক্ষ আৰু ফিনটেক কনভাৰজেন্স কাউন্সিলৰ যৌথ উদ্যোগত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ অনুষ্ঠিত কৰা হয়। ভাৰত আৰু অন্যান্য দেশৰ নীতি নিৰ্ধাৰক, নিয়ন্ত্রক, জ্যেষ্ঠ বেংকাৰ, উদ্যোগপতি আৰু শিক্ষাবিদকে ধৰি প্ৰায় ৮০০ জন বক্তাই এই সন্মিলনত ৩৫০ টাতকৈও অধিক ভাষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে, ফিনটেকে প্রযুক্তিগত উন্নতিৰ জৰিয়তে বিত্তীয় সেৱাসমূহ আৰু অধিক কাৰ্যক্ৰম আৰু সুলভ কৰি তোলাৰ লক্ষ্য লৈছে।
Site Admin | August 30, 2024 9:08 PM | PM Fintech
ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে : প্রধানমন্ত্ৰী