January 8, 2026 8:09 PM | PM

printer

কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে প্রধানমন্ত্রীৰ ঘূৰিণীয়া মেজমেলৰ আলোচনা অনুষ্ঠিত

নতুন দিল্লীত প্রধানমন্ত্রীৰ বাসভৱনত কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰিণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অহা মাহত হ’বলগীয়া India AI Impact Summit ২০২৬ ৰ পৰিপ্ৰেক্ষিতত ১২ টাকৈ ভাৰতীয় এ আই ষ্টার্টআপে AI for ALL: Global Impact Challenge পর্যায়ত যোগ্যতা অর্জন কৰি এই আলোচনাত অংশগ্রহণ কৰে। আলোচনাত তেওঁলোকে নিজৰ কৌশল আৰু কামসমূহ প্রদর্শন কৰে। এই ষ্টার্টআপ সমূহে ভাৰতীয় ভাষা প্রতিষ্ঠান আর্হি, ই-বাণিজ্যত কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ত্রিমাত্রিক দিশৰ উপস্থাপন, বজাৰ, স্বাস্থ্য যতন আৰু চিকিৎসা গবেষণা আদি খণ্ডসমূহত কাম কৰি আছে।

এই আলোচনাকালত প্রধানমন্ত্ৰীগৰাকীয়ে সমাজলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, যে অহা মাহত ভাৰতে India AI Impact সম্মিলন আয়োজন কৰিব। যাৰ জৰিয়তে প্রযুক্তিখণ্ডত দেশে এটা উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব। শ্রী মোদীয়ে ষ্টার্টআপ সমূহ আৰু কৃত্রিম বুদ্ধিমত্তা উদ্যামীসকল ভবিষ্যৎ ভাৰতৰ ৰূপকাৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ কয়, যে দুয়োটা খণ্ডতে উদ্ভাবনী আৰু বৃহৎ পৰিসৰত ৰূপায়ণ কৰা দেশৰ সামৰ্থ আছে। তেওঁ লগতে কয়, যে ভাৰতে বিশ্বত এটা ব্যতিক্রমী এ আই আর্হি প্ৰদৰ্শন কৰা উচিত যিয়ে ভাৰত আৰু বিশ্বৰ উদ্দীপনা প্রতিফলিত কৰিব পাৰে। তেওঁ কয়, যে বিশ্বই ভাৰতক বিশ্বাসত লৈছে আৰু ভাৰতৰ এই আই আৰ্হি নীতিগত, পক্ষপাতহীন, স্বচ্ছ আৰু তথ্যৰ গোপনীয়তাৰ নীতিত আধাৰিত বুলি প্রতীয়মান কৰাৰ প্ৰয়োজনীয়তা আছে। কৃত্রিম বুদ্ধিমত্তা স্টার্টআপসমূহে কৃত্রিম বুদ্ধামত্তা খণ্ডত হোৱা দ্রুত বিকাশশীল দিশটো আলোকপাত কৰিছে। এই আলোচনাত নেতাসকলে কয়, যে ভাৰতত বৰ্তমান কৃত্রিম বুদ্ধিমত্তা বিকাশৰ ক্ষেত্ৰত এটা পৰিৱেশ সৃষ্টি হৈছে আৰু গোলকীয় এ আই মানচিত্রত দেশে এটা স্থান দখল কৰিবলৈ সমর্থ হৈছে। এই আলোচনাত অৱতাৰ, ভাৰত যেন, ইন্টেলি হেল্থ, শ্রবম, টেক মহিন্ড্রা আৰু জেণ্টিককে ধৰি কৃত্রিম বুদ্ধিমত্তা ষ্টৰ্টআপসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া, মুৰববী আৰু প্ৰতিনিধিসকলে অংশগ্রহণ কৰে। কেন্দ্ৰীয় ইলেকট্রিনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্য মন্ত্ৰী যিতিন প্ৰসাদে এই আলোচনাত অংশগ্রহণ কৰে।