December 18, 2025 7:51 PM | PM

printer

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সম্মিলনৰ সামৰণি অনুষ্ঠানত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সম্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰাৰ লগতে আয়ুষ মন্ত্র্যালয়ে গ্রহণ কৰা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই অনুষ্ঠানতে আয়ুষ খণ্ডৰ এটা সুকীয়া ডিজিটেল পার্টেলো মুকলি কৰা হ’ব। তেওঁ লগতে আয়ুষ সামগ্ৰী আৰু সেৱাৰ গুণগত মান সূচীত কৰা আয়ুষ সূচাংকও মুকলি কৰিব।

এই অনুষ্ঠানতে শ্রী মোদীয়ে যোগৰ প্রশিক্ষণ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন ৰুটছ টু গ্লোবেল বিটছ: ইলেভেন ইয়েছ অব ট্রান্সফৰমেছন ইন আয়ুষও মুকলি কৰিব। ভাৰতৰ পৰম্পৰাগত ঔষধী ঐতিহ্যৰ প্ৰতীক হিচাপে অশ্বগন্ধা ডাক টিকটো শ্রী মোদীয়ে মুকলি কৰিব। ২০২১ ৰ পৰা ২০২৫ চনলৈ যোগৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰা ভালে কেইগৰাকী ব্যক্তিক তেওঁ কাইলৈ সম্বর্ধনা জনাব। এই পুৰস্কাৰে যোগক কল্যাণকামী, সৌহার্দপূর্ণ আৰু এখন শক্তিশালী তথা স্বাস্থ্যবান ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিক প্রতিনিধিত্ব কৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থা আৰু আয়ুষ মন্ত্র্যালয়ে যুটীয়াভাৱে আয়োজন কৰা এই সন্মিলনৰ কাইলৈ সামৰণি পৰিব। সন্মিলনত ভালেসংখ্যক বিশ্ব নেতা, নীতি নির্ধাৰক, বিজ্ঞানী আৰু পৰম্পৰাগত ঔষধ সন্দর্ভত বিশেষ জ্ঞান থকা লোকসকল সম্মিলিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।