December 12, 2025 12:31 PM | PM

printer

অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্রীৰ জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে জদানৰ ৰজা আব্দুলা দ্বিতীয় বিল অল হুছেইনৰ আমন্ত্রণ মর্মে দেশখনলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দেশখনৰ ৰজা আব্দুলা দ্বিতীয়ক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহ লৈ মতবিনিময় কৰিব। দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি কৰা এই ভ্রমণে ভাৰত আৰু জর্দানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধি শক্তিশালী কৰাৰ ন ন দিশ অন্বেষণৰ সুযোগ প্রদান কৰিব। ইয়াৰ পাছত শ্রীমোদী প্ৰথমবাৰৰ বাবে ইথিউপিয়ালৈ যাব। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দেশখনৰ প্রধানমন্ত্রী ড° অবি আহমেদ আলীৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সন্দৰ্ভত আলোচনা কৰিব। গ্লবেল ছাউথৰ অংশীদাৰ হিচাপে শ্রীমোদীৰ এই ভ্রমণে উভয় দেশৰ মাজৰ বন্ধুত্ব আৰু দ্বিপাক্ষিক সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত থকা প্রতিশ্রুতিবদ্ধতাৰ কথা দোহাৰিব।

ভ্রমণৰ অন্তিম পর্যায়ত শ্রীমোদী অহা ১৭ ডিচেম্বৰত ওমানৰ ছুলতান হাইথাম বিন তাৰিকৰ আমন্ত্রণমর্মে দেশখনত উপস্থিত হব। এয়া হব শ্রীমোদীৰ দ্বিতীয়টো ওমান ভ্রমণ। এই ভ্রমণে দুয়োখন দেশক বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, সুৰক্ষা, প্রযুক্তি, কৃষি আৰু সংস্কৃতি আদিকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনাৰ সুযোগ প্রদান কৰিব।