ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছৰ মন্তব্যক নিন্দনীয় বুলি অভিহিত কৰি কয়, যে শ্রীমোদীয়ে চৰকাৰী ভ্রমণসূচী আৰু দেশৰ কামতহে বিদেশলৈ যায়। কংগ্রেছ নেতা তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সংসদৰ প্রতিটো অধিবেশনৰ অন্তত ছুটী কটাবলৈ বিদেশলৈ যায় বুলি মুখপাত্রগৰাকীয়ে দাবী কৰে। তেওঁ কয়, যে দীর্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছে কৰ্তব্যৰ খাতিৰত বিদেশলৈ যোৱা আৰু অৱসৰ বিনোদনৰ বাবে বিদেশলৈ যোৱাৰ মাজত থকা পার্থক্য জনা উচিত। তেওঁ লগতে ভ্ৰমণৰ সময়ত শ্রীগান্ধীয়ে দেশৰ ভাৱমূর্তি কলংকিত কৰাৰো অভিযোগ উত্থাপন কৰে।
Site Admin | December 11, 2025 11:40 AM | PM
প্রধানমন্ত্রীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা ভাৰতীয় জনতা পার্টিৰ