November 27, 2025 8:57 PM | PM

printer

ডিফ অলিম্পিক – ২০২৫ ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক ছামাৰ ডিফ অলিম্পিক ২০২৫ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে কয়, যে ৯ টা সোণসহ ২০ টা পদক লাভ কৰা খেলুৱৈসকলে দৃঢ়তা আৰু উৎসর্গীকৃত মনোভাবেৰে খেলাৰ বাবে এই ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ প্ৰতিগৰাকী খেলুৱৈ, প্রশিক্ষক আৰু দলৰ অন্যান্য সদস্যসকলক প্রশংসাৰে উপচাই দি কয়, যে খেলুৱৈসকলৰ এই সফলতাই আমাৰ দেশক গৌৰাৱান্বিত কৰিছে।

জাপানৰ টকিঅ’ত অনুষ্ঠিত এই প্রতিযোগিতাত ভাৰতে ৯ টা সোণ, সাতটা ৰূপ, চাৰিটা ব্ৰঞ্জ সহ মুঠ ২০ টা পদক লাভ কৰি অভিলেখ স্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।