November 20, 2025 12:41 PM | PM

printer

G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ প্রধানমন্ত্রী জোহান্সবার্গলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গলৈ যাব। এইখন হব গ্লোবেল ছাউথত একেৰাহে চতুৰ্থবাৰৰ বাবে আয়োজিত G-20 সম্মিলন। বৈদেশিক পৰিক্ৰমা ম্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে এই সন্মিলনত প্রধানমন্ত্রী G-20 কার্যক্রমণিকা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। শ্রীমোদীয়ে এই সম্মিলনৰ তিনিওটা সত্ৰতে ভাষণ দিয়াৰ কথা আছে। G-20 সম্মিলনৰ সুযোগতে শ্রীমোদীয়ে জোহান্সবার্গত কেইবাগৰাকীমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। তেওঁ লগতে দক্ষিণ আফ্রিকাই আয়োজন কৰা ভাৰত ব্রাজিল আৰু দক্ষিণ আফ্রিকাৰ নেতাসকলৰ বৈঠকতো অংশগ্ৰহণ কৰিব।