November 20, 2025 12:41 PM | PM

printer

G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ প্রধানমন্ত্রী জোহান্সবার্গলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গলৈ যাব। এইখন হব গ্লোবেল ছাউথত একেৰাহে চতুৰ্থবাৰৰ বাবে আয়োজিত G-20 সম্মিলন। বৈদেশিক পৰিক্ৰমা ম্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে এই সন্মিলনত প্রধানমন্ত্রী G-20 কার্যক্রমণিকা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। শ্রীমোদীয়ে এই সম্মিলনৰ তিনিওটা সত্ৰতে ভাষণ দিয়াৰ কথা আছে। G-20 সম্মিলনৰ সুযোগতে শ্রীমোদীয়ে জোহান্সবার্গত কেইবাগৰাকীমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। তেওঁ লগতে দক্ষিণ আফ্রিকাই আয়োজন কৰা ভাৰত ব্রাজিল আৰু দক্ষিণ আফ্রিকাৰ নেতাসকলৰ বৈঠকতো অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।