প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ যাব। এই ভ্রমণ কালত শ্রীমোদীয়ে তামিলনাডুৰ কৃষক সংস্থাসমূহে আয়োজন কৰা দক্ষিণ ভাৰত প্ৰাকৃতিক শীর্ষ সন্মিলনত ভাষণ দিব। প্রধানমন্ত্রীয়ে লগতে জৈৱিক কৃষিত বিশেষ দক্ষতা থকা দাক্ষিণাত্যত বিভিন্ন ৰাজ্যৰ ৫০ গৰাকী বিজ্ঞানীৰ সৈতে মত বিনিময় কৰিব। শীর্ষ সন্মিলনত প্রাকৃতিক খেতিৰ প্ৰসাৰৰ বাবে নীতি-নিয়ম প্রস্তুত কৰা হ‘ব। শীর্ষ সন্মিলনত আয়োজক সমিতিৰ সমন্বয়ক পি আৰ পাণ্ডিয়নে কয় যে ইয়াৰ জৰিয়তে সজাগতা বৃদ্ধি পাব আৰু প্ৰাকৃতিক তথা পুনৰুজ্জীৱিকৰণ কৃষি পদ্ধতি আঁকোৱালি লবলৈ উৎসাহিত কৰা হ‘ব। তেওঁ কয়, যে আর্থিক দিশৰ পৰা বিকাশক্ষম আৰু সামাজিক দিশৰ পৰা সৰ্বাত্মক কৃষিব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জনসাধাৰণৰ দ্বাৰা পৰিচালিত বিপ্লৱৰ সূচনা কৰাই এই শীর্ষ সন্মিলনৰ মূল উদ্দেশ্য। সম্মিলনৰ লগত সংগতি ৰাখি এখন প্রদর্শনীৰো আয়োজন কৰা হৈছে। এই প্রদর্শনীত প্রায় ৩০০খন বিপণী থাকিব আৰু ইয়াৰ সৈতে সংগতি ৰাখি আগশাৰীৰ বিজ্ঞানী আৰু নীতি প্রণেতাৰ বিশেষ সত্ৰৰ আয়োজন কৰা হ‘ব। এই সত্ৰসমূহত যুব প্রজন্ম আৰু মহিলাৰ অংশগ্রহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ‘ব। ভাৰতীয় প্রাকৃতিক কৃষি ধান আৰু পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ দৰে ৰাষ্ট্ৰীয় উদ্যমসমূহে এই অনুষ্ঠানৰ আঁত ধৰিছে।
Site Admin | November 14, 2025 12:22 PM | PM
অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী