October 31, 2025 8:00 PM | PM

printer

স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

লালা লাজপত ৰায়ৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ত অংশগ্ৰহণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয় যে বহু বছৰলৈ আর্য সমাজে তেওঁলোকৰ প্ৰাপ্য লাভ নকৰাটো অত্যন্ত দুর্ভাগ্যজনক। আর্য সমাজ হৈছে ভাৰতীয় মূলৰ বিষয়ে সাহসিকতাৰে কথা ক’ব পৰা এটা অগ্রণী সংস্থা। আজিৰ অনুষ্ঠানত শ্রীমোদীয়ে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰে।

আজিৰ এই সন্মিলনত দেশ-বিদেশৰ আৰ্য সমাজৰ গোটসমূহৰ প্ৰতিনিধিবর্গই অংশগ্রহণ কৰে। সম্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বর্ণিল ডেৰশ বছৰ শীৰ্ষক এখন প্রদর্শনী অনুষ্ঠিত হয়। এই প্রদর্শনীত শিক্ষা, সামাজিক সংস্কাৰ আৰু আধ্যাত্মিক উত্থানৰ ক্ষেত্ৰত আর্য সমাজৰ অৱদানৰ মাধ্যমেৰে সংস্থাটোৰ পৰিবৰ্তনকাৰী যাত্ৰাৰ বিষয়ে আলোকপাত কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।