প্রধানমন্ত্রীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত অংশগ্রহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আর্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সম্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বর্ণিল ডেৰশ বছৰ শীর্ষক এখন প্রদর্শনী অনুষ্ঠিত হ’ব। এই প্রদর্শনীত শিক্ষা, সামাজিক সংস্কাৰ আৰু আধ্যাত্মিক উত্থানৰ ক্ষেত্ৰত আৰ্য সমাজৰ অৱদানৰ মাধ্যমেৰে সংস্থাটোৰ পৰিবৰ্তনকাৰী যাত্ৰাৰ বিষয়ে আলোকপাত কৰা হ’ব। এই প্রদর্শনীত দেশ-বিদেশৰ আৰ্য সমাজৰ গোটসমূহৰ প্ৰতিনিধিবর্গই ভাগ ল’ব।
Site Admin | October 30, 2025 12:41 PM | PM
কাইলৈ আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত প্রধানমন্ত্রীৰ অংশগ্ৰহণ