ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2025 12:38 PM | PM

printer

গুজৰাটত আজি ১,১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আজি কেৱড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিৰছা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়, রামন বৃক্ষ বাতিকা, বৈদ্যুতিক বাছ চার্জিং ডিপো আৰু ২৫খন বৈদ্যুতিক বাছৰ সেৱা অন্যতম। ইয়াৰ উপৰিও শ্রীমোদীয়ে ভাৰতৰ ৰাজকীয় সংগ্রহালয়, ক্রীড়া চৌহদ, শুলপানেশ্বৰ ঘাটৰ সমীপত অবতৰণ সেতুৰ উন্নয়ন আৰু একতাৰ প্ৰতিমূৰ্তিত ট্রেভেলেতৰ অর্থাৎ ঘূর্ণিয়মান পথসহ ভালেমান প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব।

কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিবস উদযাপন অনুষ্ঠানত অংশগ্রহণ কৰিব আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বার্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি পুষ্পার্ঘ্য নিবেদন কৰিব। তেওঁ লগতে একতা দিৱসৰ সংকল্প আৰু কুচ-কাবাজতো ভাগ ল’ব। এইবেলি একতা দিৱসৰ কুজ-কাৱাজৰ মুখ্য আকর্ষণ সীমা সুৰক্ষা বাহিনীৰ মার্চিং দল হ’ব। এই দলত ৰামপুৰ হাউণ্ডচ্ছ আৰু মুঢল হাউণ্ডছৰ দৰে ভাৰতীয় প্ৰজাতিৰ কুকুৰ অন্তর্ভুক্ত হ’ব।