October 14, 2025 8:08 PM | PM

printer

প্রধানমন্ত্রী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি মাজত আজি প্রতিনিধি পৰ্য্যায়ৰ আলোচনা

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলচুখ উখনাৰ মাজত আজি নতুন দিল্লীত প্রতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হয়। বৈঠকত দুয়োপক্ষই মানবীয় সাহায্য, মংগোলিয়াৰ ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰ, প্ৰব্ৰজন, ভূবিজ্ঞান আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা, সমবায়ৰ প্ৰসাৰ তথা ডিজিটেল সমাধান সূত্ৰৰ বিনিময়কে ধৰি বিভিন্ন ক্ষেত্রত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই উপলক্ষে প্রধানমন্ত্রী মোদী আৰু শ্রীউখনাই যুটীয়াভাবে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৭০ সংখ্যক বার্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক ডাক টিকট জাৰি কৰে। বৈঠকৰ অন্তত প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত এখন যুটীয়া সংবাদমেলত কয়, যে ভাৰতে মংগোলিয়াৰ নাগৰিকসকলক বিনামূলীয়া ই-ভিছা প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কয়, যে ভাৰতে মংগোলিয়াৰ পৰা যুৱ-সাংস্কৃতিক দ্রুত বার্ষিক ভাৰত যাত্ৰাৰ পৃষ্ঠপোষকতা কৰিব। তেওঁ লগতে কয়, যে ভাৰত আৰু মংগোলিয়াৰ মাজৰ সম্পর্ক অকল কূটনৈতিকে নহয়, বৰং দেশ দুখনৰ মাজত আধ্যাত্মিক আৰু ভাবনাত্মক সম্পর্ক আছে। মংগোলিয়াত বৌদ্ধ ধৰ্মৰ বিকাশৰ ক্ষেত্ৰত নালন্দা বিশ্ববিদ্যালয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু মংগোলিয়াই নালন্দা আৰু গণ্ডন মঠৰ মাজত যোগসূত্ৰত্র স্থাপন কৰি এই ঐতিহাসিক সম্পর্কক নতুন গতি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয়, যে ভাৰত, মংগোলিয়াৰ বিকাশ যাত্ৰাৰ নিৰ্ভৰযোগ্য সহযোগী। তেওঁ কয়, যে ভাৰতে আগবঢ়োৱা ১৭০ কোটি ডলাৰৰ ঋণেৰে নিৰ্মাণ কৰা তেল শোধনাগাৰ প্ৰকল্পই মংগোলিয়াত শক্তি সুৰক্ষা সুদৃঢ় কৰি তুলিব।

চাৰিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হোৱা মংগোলিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজঘাট পৰিদৰ্শন কৰে আৰু মহাত্মা গান্ধীলৈ শ্রদ্ধাঞ্জলি নিবেদন করে। শ্রীউখনাই আজি ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰিব। শ্রীমুর্ষুরে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানার্থে আজি নৈশ ভোজমেলৰ আয়োজন কৰিছে। শ্রীউখনাৰ সৈতে মংগোলিয়াৰ কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বিষয়া, বিশিষ্ট ব্যৱসায়ী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এটা প্রতিনিধি দলো ভাৰতলৈ আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।