প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী ধন ধান্য যোজনা আৰু দাইল আত্মনির্ভৰশীলতা অভিযান মুকলি কৰিব। কৃষি মন্ত্রালয়ে প্রকাশ কৰা মতে প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনাৰ অধীনত সমগ্ৰ দেশৰ কম উৎপাদন হোৱা ১০০খন জিলাত ব্যাপক কৃষি বিকাশৰ আৰু কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে খেতিপথাৰলৈ জলসিঞ্চনৰ সুবিধা সুনিশ্চিত কৰা, শস্য বিবিধতাৰ প্ৰসাৰ আৰু ঋণ তথা মজুতকৰণ আন্তঃগাঁথনি সহজলভ্য কৰি তুলিব বিচৰা হৈছে।
দাইল আত্মনিৰ্ভৰশীল অভিযানৰ অধীনত ৰহৰ, মাটি মাহ আৰু মচুৰৰ দৰে প্ৰধান দাইলজাতীয় শস্য উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হ’ব। এই অভিযানৰ অধীনত কেন্দ্রীয় সংস্থাসমূহে পঞ্জীকৃত খেতিয়কৰ ১০০ শতাংশ উৎপাদিত শস্য ন্যূনতম সমর্থন মূল্যত ক্ৰয় কৰিব আৰু ইয়াৰ জৰিয়তে খেতিয়কসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিবলৈ সমর্থ হ’ব। এই অভিযানৰ মাধ্যমেৰে মাহজাতীয় শস্য খেতি কৰা মাটিৰ পৰিমাণ বৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে কাম কৰা হ’ব। দাইলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশৰ পৰা এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কৃষি মন্ত্রালয়ে কৈছে যে এই উদ্যমসমূহে অনাগত সময়ত ভাৰতৰ খাদ্য সুৰক্ষাৰ দিশটো সুদৃঢ় কৰাই নহয়, বৰং দেশক দাইলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনির্ভশীলতা অৰ্জনৰ দিশে লৈ যাব।
কাইলৈৰ অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কৃষিক্ষেত্রলৈ অনবদ্য অবদান আগবঢ়োৱা খেতিয়ক, কৃষক উৎপাদক সংস্থা, সমবায় সমিতি আৰু উদ্ভাৱকসকলক সন্মানিত কৰিব। এই উপলক্ষে প্রধানমন্ত্রীয়ে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন পালন আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত এহেজাৰ ১০০টাৰো অধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।