প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ‘ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে বিহাৰত মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰে। শ্ৰী মোদীয়ে লগতে ৰাজ্যখনৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ১০ হেজাৰ টকাকৈ হস্তান্তৰ কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে স্বনিয়োজন আৰু জীৱিকাৰ সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে বিহাৰ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই যোজনাৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোটৰ সৈতে হিতাধিকাৰী মহিলাসকলক সংযোগ কৰাৰ লগতে তেওঁলোকক আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ‘ব ।
Site Admin | September 26, 2025 1:34 PM | PM
বিহাৰত আজি প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি