গোলকীয় বিনিয়োগকাৰী বিশেষকৈ খাদ্য খণ্ডৰ বিনিয়োগকাৰীসকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিশ্ব খাদ্য ভাৰত ২০২৫ শীর্ষক কার্যসূচীত অংশগ্রহণ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে শক্তিশালী ঘৰুৱা চাহিদাই ভাৰতক বিনিয়োগকাৰীসকলৰ বাবে পছন্দৰ ঠাই হিচাপে গঢ়ি তুলিছে। ২১ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰি শ্ৰী মোদীয়ে কয়, যে যেতিয়াই গোলকীয় প্ৰত্যাহ্বানৰ উত্থান হৈছে তেতিয়াই ভাৰতে এটা ইতিবাচক ভূমিকা পালন কৰি আহিছে। ভাৰতে গোলকীয় খাদ্য সুৰক্ষাৰ দিশত নিৰন্তৰ সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, যে বিশ্বত শস্যৰ সংকট অথবা যোগান শৃংখলা বিঘ্নিত হোৱাৰ সময়ত ভাৰতে সদায় দৃঢ়তাৰে নিজৰ দায়িত্ব পালন কৰিছে। গোলকীয় প্ৰেক্ষাপটত নিজৰ সামৰ্থ আৰু অৰিহণাৰ প্ৰসাৰ কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে চৰকাৰে প্ৰতিজন অংশীদাৰীক সামৰি লৈ সমগ্ৰ খাদ্য আৰু পৰিপুষ্টি পৰিস্থিতিতন্ত্রকে শক্তিশালী কৰি তুলিছে।
প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰত হৈছে বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰ আৰু ইয়াৰে ভালেসংখ্যক ষ্টার্টআপে খাদ্য আৰু কৃষি খণ্ডত কাম কৰি আছে। তেওঁ লগতে কয়, যে বিগত ১০ বছৰত দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। এই খণ্ডত কৃত্রিম বুদ্ধিমত্তা, ই-বাণিজ্য, ড্রোণ আৰু বিভিন্ন এপৰ প্ৰয়োগেৰে যোগান শৃংখলা, খুচুৰা বজাৰ আৰু প্ৰসংস্কৰণ ব্যৱস্থাৰ পৰিৱৰ্তন কৰা হৈছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে ক্ষুদ্র কৃষকসকল বজাৰত এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আৰু চৰকাৰে এই ক্ষুদ্ৰ কৃষকসকলৰ সহায়ৰ বাবে ভালেমান নীতি নিৰ্ধাৰণ কৰিছে। ভাৰতৰ সমবায়সমূহে দুগ্ধ খণ্ড আৰু গ্ৰাম্য অৰ্থনীতিক নতুন শক্তি প্ৰদান কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
চাৰিদিনীয়াকৈ আয়োজন কৰা বিশ্ব খাদ্য ভাৰত কাৰ্যসূচীত খাদ্য প্ৰসংস্কৰণ খণ্ড, খাদ্য বহনক্ষমতা তথা পুষ্টিকৰ আৰু জৈৱিক খাদ্যৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থক প্ৰদৰ্শন কৰা হৈছে। এই কাৰ্যসূচীয়ে খাদ্য প্ৰসংস্কৰণৰ দিশত ভাৰতৰ ৰূপান্তৰমূলক যাত্ৰাক প্ৰদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিনিয়োগৰ সুযোগ বৃদ্ধি কৰিব।