ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 12, 2025 8:37 PM | PM

printer

ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পৰ্কত প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মত বিনিময়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰুৱে শেহতীয়া আলোচনাকালত ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পৰ্কে মত বিনিময় কৰা বুলি বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্ৰীয়ে প্ৰকাশ কৰিছে । ফ্ৰান্সৰ মাৰ্চেত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রীমিশ্ৰীয়ে কয়, যে নেতা দুগৰাকীয়ে গোলকীয় আৰু আঞ্চলিক গুৰুত্বৰ বিষয়েও আলোচনা কৰিছে। তেওঁ কয়, যে দুয়োগৰাকী নেতাই ফৰাছি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ বিমানেৰে মাৰ্চে চহৰলৈ যায়। এয়া দুয়োগৰাকী নেতাৰ মাজত গভীৰ ব্যক্তিগত আস্থাৰ প্রতীকেই নহয় বৰং তেওঁলোকৰ মাজৰ উল্লেখনীয় বিশ্বাসৰ প্ৰতীক । তেওঁ কয়, যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি মাক্ৰৱে বিমানখনত বিভিন্ন বিষয় লৈ আলোচনা কৰে। বিদেশ সচিবগৰাকীয়ে কয়, যে দুয়োপক্ষৰ মাজৰ আলোচনাত কৃত্রিম বুদ্ধিমত্তাৰ বিষয়টোৱে আগস্থান লাভ কৰে। দুয়োপক্ষই পৰৱৰ্তী বৰ্ষতো ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষ হিচাপে উদ্যাপন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমিশ্ৰীয়ে কয়, যে এই বৰ্ষ পালনৰ সময়চোৱাত প্ৰযুক্তি, উদ্ভাৱন আৰু ষ্টাৰ্ট আপত বিশেষ গুৰুত্ব আৰোপ কৰা হব।