ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2025 8:44 PM | PM

printer

নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে এখন বিস্তৃত আৰু ফলপ্ৰসূ বৈঠকত মিলিত হয়। সেউজ আৰু ডিজিটেল জাহাজ কৰিড’ৰ, মহাকাশ খণ্ডত সহযোগিতা, অসামৰিক বিমান পৰিবহন খণ্ডত সহযোগিতা আৰু প্ৰশিক্ষণ আৰু ডিজিটেল সম্পদ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি মুঠ পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পি কুমাৰনে কয় যে দুয়োগৰাকী নেতাই সৰ্বাত্মক কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ৰূপৰেখা প্ৰস্তুত কৰে। তেওঁ কয় যে এই ৰূপৰেখাই দুয়ো দেশৰ সহযোগিতাৰ গভীৰতা নিৰূপণ কৰাৰ লগতে দিক নির্দেশনাও দাঙি ধৰিছে। এই ৰূপৰেখাই ৮টা অগ্রাধিকাৰপ্ৰাপ্ত বিষয়ত দ্বিপাক্ষিক সম্পর্ককো নিৰূপণ কৰিব। এইবোৰৰ ভিতৰত অৰ্থনৈতিক সহযোগিতা, দক্ষতা বিকাশ, ডিজিটাইজেচন, বহনক্ষমতা, যোগাযোগ, স্বাস্থ্য খণ্ড আৰু ঔষধ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু সাংস্কৃতিক বিনিময় আদি বিষয়সমূহ সামৰি লৈছে।