ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 7:12 PM | PM

printer

অহা ১৪ ছেপ্তেম্বৰত নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধানাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্রকল্পটো উদ্বোধনৰ বাবে প্রায় সাজু কৰি তোলা হৈছে। এই প্রকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার্ফিউৰেল আৰু ১১ হাজাৰ টন এচিটিক এছিড উৎপাদন কৰা হ’ব। অবশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে আজি সংবাদমেলত উল্লেখ কৰে। ইয়াৰ লগতে তৰল কার্বন ডাই অক্সাইড উৎপাদন কৰা হ’ব বুলি তেওঁ কয়। উল্লেখযোগ্য যে, প্রধানমন্ত্রী মোদীয়ে এই প্রকল্প উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধানাগাৰত নিৰ্মাণ হ’ব লগা প’লিপ্রপিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।