ডাউনলোড
মোবাইল এপ

android apple
signal

August 7, 2025 12:15 PM | PM

printer

বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে। কালি সন্ধিয়া কৰ্তব্য পথত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এক সামগ্ৰিক দৃষ্টিভংগীৰে গঢ় দিয়া হৈছে য’ত দেশৰ প্ৰতিটো অঞ্চললৈ উন্নয়ন বিয়পি পৰিছে। তেওঁ কয় যে, দেশত ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱন, দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক গৃহ আৰু ৩০০ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢি় তোলাৰ লগতে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ সফলতাৰ কাহিনী ৰচনা কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।

শ্ৰীমোদীয়ে কৰ্তব্য ভৱনে ৰাষ্ট্ৰৰ সপোন পূৰণৰ সংকল্প মূৰ্ত কৰি তুলিছে। ই এখন উন্নত ভাৰতৰ নীতি আৰু দিশৰ পথ প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যে কৰ্তব্য ভৱন হৈছে এক অত্যাধুনিক সুবিধা। ইয়াত একাধিক মন্ত্ৰালয় আৰু বিভাগক একেখন চালিৰ তলত একত্ৰিত কৰি শাসন ব্যৱস্থা অধিক উন্নত কৰাৰ উদ্দশ্যে নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, যে এয়া হৈছে প্ৰথমটো কৰ্তব্য ভৱন যিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, আৰু বহুতো কৰ্তব্য ভৱন নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। তেওঁ লগতে কয়, যে কাৰ্যালয়সমূহ ওচৰা-ওচৰিকৈ স্থানান্তৰিত হ’লে কৰ্মৰ পৰিৱেশ উন্নত হ’ব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলৰ সুবিধা হ’ব। কৰ্তব্য ভৱনত অত্যাৱশ্যকীয় সা-সুবিধা উপলব্ধ হ’ব, সামগ্ৰিকভাৱে কৰ্মৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে বৰ্তমান ভাড়াত ব্যয় হৈ থকা এহেজাৰ ৫০০ কোটি টকাও চৰকাৰে ৰাহি কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেক কৰে যে, বহু বিচাৰ বিবেচনাৰ অন্তত ইয়াক কৰ্তব্য ভৱন নামকৰণ কৰা হৈছে। এই নামে দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ বুনিয়াদী মূল্যবোধক প্ৰতিনিধিত্ব কৰিছে।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ কৰ্তব্য পথত তৃতীয় কৰ্তব্য ভৱন মুকলি কৰি নতুন ভৱনটো পৰিদৰ্শন কৰে।

এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে কৰ্তব্য ভৱনত গৃহ পৰিক্ৰমা, বৈদেশিক পৰিক্ৰমা, গ্ৰাম্য উন্নয়ন, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়কে ধৰি কেইবাটাও মন্ত্ৰালয় থাকিব।

অধিক পঢ়ক

সকলো চাওক