ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 24, 2025 7:29 PM | PM

printer

দেশৰ প্ৰতিখন ৰাজ্যত আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

আন্তৰাষ্ট্ৰীয় মানৰ সৈতে তাল মিলাই দেশৰ প্ৰতিখন ৰাজ্যত সকলো সা-সুবিধা আৰু আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। নতুন দিল্লীত আজি নীতি আয়োগৰ দশম প্ৰশাসনীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এখন ৰাজ্য- এটা গোলকীয় লক্ষ্যস্থান শীৰ্ষক নীতিয়ে ৰাজ্যখনৰ চুবুৰীয়া মহানগৰসমূহো পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব। ভাৰতবৰ্ষৰ দ্ৰুতগতিত নগৰীকৰণ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহানগৰসমূহত ভৱিষ্যমুখী কৰি তোলাৰ অত্যন্ত প্রয়োজন আছে। উন্নয়নৰ গতি দ্রুত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সকলো ৰাজ্যক একগোট হৈ টীম ইণ্ডিয়া হিচাপে কাম কৰিলে কোনো লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। বিকশিত ভাৰত প্ৰতিগৰাকী ভাৰতীয়ৰ লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ বিকাশ হলে ভাৰত বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হব। এই অনুষ্ঠানত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, নীতি আয়োগৰ উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।