ডাউনলোড
মোবাইল এপ

android apple
signal

May 22, 2025 8:10 PM | PM

printer

পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰীৰ মন্তব্য

অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। তেওঁ কয়, যে সশস্ত্র বাহিনীসমূহক প্রয়োজন অনুসৰি কাম কৰিবলৈ চৰকাৰে তেওঁলোকক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ সহায়ত বাহিনীসমূহে পাকিস্তানক শীৰ নত কৰিবলৈ বাধ্য কৰোৱাইছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ সৈতে পাকিস্তানে কেতিয়াও প্রত্যক্ষভাৱে কোনো যুদ্ধত জয়ী হব নোৱাৰে আৰু সেয়েহে দেশখনে সন্ত্রাসবাদক উদগনি দি যুদ্ধ জয়ৰ প্ৰয়াস কৰে। ৰাজস্থানৰ বিকানেৰত আজি এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে এই কথা প্রকাশ কৰে ।

প্রধানমন্ত্ৰীয়ে কয়, যে অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ সৈতে যুঁজ দিয়াৰ বাবে তিনিটা নীতি নিৰ্ধাৰণ কৰিছে। তেওঁ কয়, যে ভাৰতে সকলোধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু এই প্ৰত্যুত্তৰৰ ধৰণ সন্দৰ্ভত দেশৰ সশস্ত্ৰ বাহিনীসমূহে প্রয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিব। ভাৰত কোনো ধৰণৰ পৰমাণু ভাবুকিৰ দ্বাৰা সংকিত নহয় বুলিও শ্রী মোদীয়ে স্পষ্ট কৰি দিয়ে।

প্রধানমন্ত্রীয়ে কয়, যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশৰ জনসাধাৰণে সন্ত্রাসবাদ সমূলি ধ্বংস কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে আৰু সশস্ত্র বাহিনীসমূহৰ সাহস আৰু বীৰত্বৰ সহায়ত দেশে এই সংকল্প পূৰণ কৰিছে। তেওঁ কয়, যে পাকিস্তানে প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ উচিত মূল্য আদায় দিব লাগিব বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰী মোদীয়ে লগতে কয়, যে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা অথবা বাণিজ্য সম্ভৱ নহব আৰু আলোচনা হলে, পাক অধ্যুষিত কাশ্মীৰ সন্দৰ্ভৰ্তহে আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে বিকানেৰৰ পালানাত আয়োজিত জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিকানেৰত ২৬ হাজাৰ কোটিৰে অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্ননমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই সমূহৰ ভিৰতৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১১শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১০৩ টা পুনৰ উন্নীতকৰণ অমৃত ষ্টেচন অন্যতম। উল্লেযোগ্য অমৃত ভাৰত ষ্টেচন আঁচনীৰ অধীনত এহেজাৰ ৩০০ টাৰো অধিক ৰেল ষ্টেচনক আধুনিক সা-সবিধা তথা আৰ্হিৰে পুনৰ উন্নীত কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক