ডাউনলোড
মোবাইল এপ

android apple
signal

May 21, 2025 12:40 PM | PM

printer

ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ফ্ৰেডৰিক মাৰ্জক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ফ্ৰেডৰিক মাৰ্জক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁ চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতে টেলিফোনেৰে কথা পাতে আৰু নতুন কার্যকালৰ বাবে তেওঁক অভিনন্দন জনায়। এই বাৰ্তালাপৰ সময়ত ভাৰত আৰু জাৰ্মানীৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও দুয়োগৰাকীয়ে পুনৰ নিশ্চিত প্ৰদান কৰে। তেওঁলোকে আঞ্চলিক আৰু বিশ্ব উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভতো মত-বিনিময় কৰে। বিশ্বৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দুয়োখন দেশে একত্রিতভাৱে থিয় দি আছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি বিগত ২৫ বছৰত ভাৰত আৰু জাৰ্মানীৰ মাজত কৌশলগত সহযোগিতাৰ অভূতপূর্ব অগ্রগতি সন্দৰ্ভত আলোকপাত কৰি দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা তথা উদ্ভাৱন আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সহযোগিতাৰে কাম কৰি যাবলৈ সন্মতি প্রকাশ কৰে। জার্মানীত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ ইতিবাচক অৰিহনাৰ বিষয়েও তেওঁলোকে আলোচনা কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চেন্সেলৰ মাৰ্জক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

অধিক পঢ়ক

সকলো চাওক