January 19, 2026 12:10 PM | Donald Trump

printer

প্রধানমন্ত্রীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা বোর্ড অব্ পীচৰ অংশ হ’বলৈ আহ্বান ডোনাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা শান্তি পৰিষদ বা বোর্ড অব্ পীচৰ অংশ হবলৈ আহ্বান জনাইছে। আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্দর্ভত প্রধানমন্ত্রী শ্রীমোদীলৈ পঠোৱা পত্ৰ ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্রদূত ছেৰগিঅগড়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ইয়াৰ জৰিয়তে গাজাত শান্তি স্থাপন হব বুলি আশা কৰা হৈছে। অৱশ্যে ভাৰতে ট্রাম্পৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব নে নাই সেই কথা বৰ্তমানলৈ সদৰী কৰা নাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।