ভাৰত আৰু নিউজিলেণ্ড দেশ দুখনৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ সাজু বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে প্রকাশ কৰিছে। নিউজিলেণ্ডৰ ৰট‘ৰুৱাত আজি দেশখনৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী টোড মেকলে আৰু উভয় দেশৰ মুখ্য মধ্যস্থতাকাৰীসকলৰ সৈতে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি বিষয়ক আলোচনাত পৰ্য্যালোচনা কৰি শ্রীগোৱেলে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সম্পর্ক সুদৃঢ় কৰাৰ সহযোগিতাৰ নতুন সুযোগ মুকলি কৰি উভয় দেশৰ সংবেদনশীলতাৰ প্রতি সম্মান জনাই এখন ভবিষ্যমুখী আৰু সন্তুলিত বাণিজ্য চুক্তিৰ বাবে কাম কৰি আছে। শ্রীগোৱেলে লগতে মেকলেৰ সৈতে ভাৰত-নিউজিলেণ্ড মুখ্য কাৰ্য্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত ভাষণ দিয়ে। ভাৰতৰ দ্রুত পৰিৱৰ্তনশীল অর্থনৈতিক প্রেক্ষাপট সন্দর্ভত মত প্রকাশ কৰি শ্রীগোৱেলে কয়, যে প্রযুক্তি, কৃষি, শিক্ষা, নিকা শক্তি আৰু বহন ক্ষমতাৰ লেখিয়া ক্ষেত্ৰসমূহত অধিক সহযোগৰ জৰিয়তে বিকাশৰ নতুন সুযোগৰ সদ্ব্যৱহাৰ কৰিব পৰা যায়। ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা ভালেসংখ্যক ব্যবসায়ী ভাৰতীয় মূলৰ হোৱা কথাটো লৈ তেওঁ সন্তুষ্টি প্রকাশ কৰে। শ্রীগোৱেলে লগতে পৰস্পৰৰ বাবে লাভদায়ক আৰু দীর্ঘকালীন গুৰুত্বৰ এই উমৈহতীয়া যাত্ৰাত ভাৰতীয় উদ্যোগ জগতৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ নিউজিলেণ্ডৰ কোম্পানীসমূহক আহ্বান জনায়। মন্ত্রীগৰাকীয়ে লগতে নিউজিলেণ্ডত বাষ্ট্রীয় সংগীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া উদযাপনতো অংশগ্রহণ কৰে। দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশি ভাষণ দি শ্রীগোৱেলে তেওঁলোকৰ দক্ষতা আৰু অভিজ্ঞতাৰে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্রৰূপে গঢ়ি তোলাৰ যাত্ৰাত অৱদান আগবঢ়াবলৈ আহ্বান জনায়।
Site Admin | November 6, 2025 8:18 PM | piysh gowel
ভাৰত আৰু নিউজিলেণ্ড দেশ দুখনৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ সাজু বুলি পীযূষ গোৱেলৰ প্রকাশ