ডাউনলোড
মোবাইল এপ

android apple
signal

January 9, 2025 8:41 PM | pijush gowel

printer

ধনশিৰি নৈৰ নতুন মঠাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি গোলাঘাটৰ সৰু পথাৰত ধনশিৰি নৈৰ নতুন মঠাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। তেওঁ সৰু পথাৰৰ শ্যাম গাঁৱত বৌদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত কৈৰি গাঁৱৰ পৰা পানজানলৈ তিনি কোটি ৩১ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া মঠাউৰিৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানভাৱে শুভাৰম্ভ কৰে। বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত সময়ছোৱাত জলসম্পদ বিভাগে সফলতা লাভ কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ধেমাজি, মাজুলী, লখিমপুৰকে ধৰি কেইবাখনো জিলাত বানৰ ফলত হোৱা সমস্যা পূৰ্বতকৈ লাঘৱ হৈছে। যোৱাবাৰ বাৰিষাত মাজুলীৰ যুগুনীধাৰীত ব্ৰহ্মপুত্ৰৰ ছিগা মঠাউৰি ২৫ দিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পাছতে মন্ত্ৰী হাজৰিকাই শ্যাম গাঁৱত ৰজাপুখুৰী শ্যামগাঁও বৌদ্ধ মন্দিৰ আৰু তুৰুংগাঁও বৌদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে ৰাজ্য চৰকাৰৰ গাঁৱলৈ বলক শীৰ্ষক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শ্যাম গাঁৱতে নৈশ যাপন কৰি বৌদ্ধ মন্দিৰ দুটাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২৫ লাখ আৰু ৪০ লাখ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই অনুসৰি আজি মন্দিৰ দুটাৰ আধাৰশিলা স্থাপন কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

অধিক পঢ়ক

সকলো চাওক