ডাউনলোড
মোবাইল এপ

android apple
signal

August 19, 2025 8:24 PM | photogrphy day

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৮৩৭ চনত ফ্ৰান্সৰ আলোকচিত্র শিল্পী লুই ডাগেৰে বিকশিত কৰা ডাগে’ৰ’ টাইপ ফটোগ্ৰাফী উদ্ভাৱনৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটো আলোকচিত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে প্ৰকাশ আৰু সৃষ্টিশীলতাৰ মাধ্যম হিচাপে ফটোগ্রাফীক উদযাপন কৰা। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত এই উপলক্ষে অসম ৰাজ্যিক সংগ্ৰাহলয়ত সাদিনীয়াকৈ অনুষ্ঠিত প্ৰদৰ্শনী আজি উদ্বোধন কৰা হয় । অহা ২৫ ছেপ্তেম্বৰলৈ এই প্রদর্শনী মুকলি থাকিব। এই প্ৰদৰ্শনীখনত চাৰিগৰাকী আলোকচিত্ৰ শিল্পীৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে। আজি শিলচৰত এই দিৱসৰ সৈতে সংগতি ৰাখি গুৰুচৰণ বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ উদ্যোগত এখন কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ফটোগ্ৰাফীৰ বিভিন্ন দিশ, কাৰিকৰী কৌশল আৰু সৃষ্টিশীলতাৰ প্ৰয়োগ সম্পৰ্কে ব্যৱহাৰিক শিক্ষা লাভ কৰে। এই কৰ্মশালাত বৰাক উপত্যকাৰ বিশিষ্ট চিত্রশিল্পী পার্থ শীলে প্ৰশিক্ষণ প্ৰদান কৰে ।

দৰং জিলাৰ মঙলদৈত আজি বিশ্ব আলোকচিত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি জিলা সংগ্ৰাহলয়ত ১২লাখ ৫৭হাজাৰ টকাৰে পুনৰ নিৰ্মাণ কৰা এটা বিথিকা উদ্বোধন কৰা হয়। ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া, জনজাতীয় বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী যোগেন মহনে বিথিকা উদ্বোধন কৰে। জিলা সংগ্ৰাহলয়ক পূৰ্ণাংগ ৰূপ দিয়াৰ পদক্ষেপ অংশহিচাপে এই বিথিকা মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি এই দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট আলোকচিত্র শিল্পী বাবলি ৰায় ভূঞাই সেউজ ফ্রেম, ফটোগ্রাফী প্ৰকৃতি আৰু বহনক্ষমতা বিষয়ক কর্মশালাত শিক্ষার্থীসকলক প্ৰশিক্ষণ দিয়ে। দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীত কেইগৰাকীও আলোকচিত্ৰ শিল্পীৰ সৃষ্টিশীল আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়।

অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাই ফটো সাংবাদিকতাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে।