বিকশিত ভাৰত G RAM G বিধেয়ক সংসদত গৃহীত

বিকশিত ভাৰত G RAM G অর্থাৎ বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। ৰাজ্যসভাই যোৱানিশা বিধেয়কখন গ্ৰহণ কৰে। বিধেয়কখন কালি লোকসভাত গৃহীত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী গ্ৰাম্য উন্নয়ন পৰিকাঠামো গঢ়ি তুলিব বিচাৰিছে। এই বিধেয়কখনৰ অধীনত প্রত্যেক বিত্তীয় বৰ্ষত দক্ষতাৰ প্ৰয়োজন নোহোৱা কাম কৰিব খোজা গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক ১২৫ দিনৰ কৰ্ম সংস্থাপনৰ বিধি সন্মত নিশ্চয়তা প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬০ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ ধন যোগান ধৰিব। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৯০ শতাংশ আৰু ৰাজ্য চৰকাৰে ১০ শতাংশ ধন যোগান ধৰিব। ইয়াৰ উপৰি ৰাজ্য চৰকাৰসমূহে নিবনুৱা ভাট্টা আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও অব্যাহত ৰাখিব।

ৰাজ্য সভাই বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গ্ৰামোন্নয়নৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, চৰকাৰে ৰাষ্ট্ৰ প্ৰথম আদৰ্শ অনুসৰি কাম কৰি আছে। তেওঁ কয়, যে গাঁৱৰ বিকাশ অবিহনে দেশৰ বিকাশ সম্ভৱ নহয়। চৰকাৰে সমাজৰ বঞ্চিত শ্ৰেণীসমূহৰ কল্যাণৰ হকে অক্লান্তভাৱে কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছৰ মুকুল ৱাছনিকে বিধেয়কখনৰ বিৰোধিতা কৰে আৰু বিধেয়কখনে দেশৰ লাখ লাখ লোকৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাব বুলি দাবী কৰে। তেওঁ কয়, যে সকলোৱে দেশৰ দৰিদ্ৰ লোকসলকৰ উন্নয়নৰ বাবে একেলগে কাম কৰা উচিত।

আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সাংসদ ইন্দু বালা গোস্বামীয়ে কয়, যে দেশৰ ৭০ শতাংশ লোকে গ্ৰামাঞ্চলত বাস কৰে আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নয়নেই বিধেয়কখনৰ মূল লক্ষ্য। বিধেয়কখনে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে।

কংগ্ৰেছ সাংসদ মল্লিকার্জুন খার্গে কয়, যে বিধেয়কখন ভালদৰে চালি-জাৰি চোৱাৰ বাবে বাছনি কমিটীলৈ প্ৰেৰণ কৰা উচিত। আৰ জে ডিৰ মনোজ কুমাৰ ঝাই বিধেয়কখনৰ বিৰোধীতা কৰি কয়, যে বিধেয়কখন প্রস্তুত কৰাৰ ক্ষেত্ৰত আলোচনা প্ৰক্ৰিয়া আওকান কৰা হৈছে। তেওঁ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পুঁজি আৱণ্টনৰ ৬০-৪০ শতাংশৰ অনুপাতক লৈও সমালোচনা কৰে। আলোচনাত ভাগ লৈ তৃণমূল কংগ্ৰেছৰ ঋতব্রত বেনার্জীয়ে বিধেয়কখন উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু সংশ্লিষ্ট আনপক্ষসমূহৰ সৈতে কিয় বিশদভাৱে আলোচনা কৰা নহ’ল বুলি প্ৰশ্ন অৱতাৰণা কৰে। ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে কয়, যে বিধেয়কখনক লৈ গভীৰভাৱে বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে বিধেয়কখন বাছনি কমিটীলৈ প্ৰেৰণ কৰা উচিত ।

বি জে ডিৰ সুভাশিখ খুন্তিয়াই কয়, যে পুঁজি আৱণ্টনৰ ৬০-৪০ৰ অনুপাতৰ ফলত দুখীয়া ৰাজ্যসমূহ বোজাৰ সন্মুখীন হ’ব। আলোচনাত ভাগ লৈ এ আই এ ডি এম কেৰ দলৰ সাংসদ ড° এম থাম্বিডুৰাই কয়, যে গ্রামাঞ্চলত কর্মসংস্থাপন জীৱিকা, সুৰক্ষা আৰু সামাজিক সুস্থিৰতাৰ বিষয়। তেওঁ কয়, যে এনে ধৰণৰ গুৰুত্বপূৰ্ণ আইনৰ সংশোধনৰ বিষয়টো দায়িত্ব আৰু গুৰুত্ব সহকাৰে চালি জাৰি চোৱা উচিত । প্ৰত্যেক বিত্তীয় বৰ্ষক কর্মসংস্থাপনৰ দিন ১০০ পৰা ১২৫ দিনলৈ বৃদ্ধি বিধেয়কখনৰ উল্লেখযোগ্য আৰু আদৰণীয় বৈশিষ্ট্য বুলি তেওঁ মন্তব্য কৰে। বিজেপি সাংসদ আদিত্য প্রসাদ, সমাজবাদী পাৰ্টীৰ ৰাম জি লাল সুমন, বিজেডিৰ ছুলাতা দেও, তৃণমূল কংগ্ৰেছৰ দোলা সেন কংগ্ৰেছৰ ৰনদীপ সুৰজেৱালা, চি পি আই এমৰ ড° ভি শিৱদাসন আৰু কংগ্ৰেছৰ দিগ্বিজয় সিঙে এই আলোচনাত ভাগ লয় ।