December 21, 2025 11:54 AM

views 44

গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত আলোচনা

সংসদত গৃহীত বিকশিত ভাৰত G RAM G অর্থাৎ গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত অংশ লৈ অর্থনীতিবিদ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড০ দেবজিত মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ৰাজনৈতিক মত বিৰোধলৈ নগৈ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দল, প্রশাসন আৰু ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ড০ মহন্তই কয়, যে এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ ঠাইত জনসাধাৰণক ১২৫ দিনৰ নিশ্চিত কর্মসংস্থাপন প্...

December 19, 2025 11:50 AM

views 96

বিকশিত ভাৰত G RAM G বিধেয়ক সংসদত গৃহীত

বিকশিত ভাৰত G RAM G অর্থাৎ বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। ৰাজ্যসভাই যোৱানিশা বিধেয়কখন গ্ৰহণ কৰে। বিধেয়কখন কালি লোকসভাত গৃহীত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী গ্ৰাম্য উন্নয়ন পৰিকাঠামো গঢ়ি তুলিব বিচাৰিছে। এই বিধেয়কখনৰ অধীনত প্রত্যেক বিত্তীয় বৰ্ষত দক্ষতাৰ প্ৰয়োজন নোহোৱা কাম কৰিব খোজা গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক ১২৫ দিনৰ কৰ্ম সংস্থাপনৰ বিধি সন্মত নিশ্চয়...