বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ আজিও সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত হয়। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কাৰ্য্য-ক্ৰমণিকা কেইবাবাৰো ব্যাহত হোৱাৰ পাছত দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।
কাৰ্য্য-ক্ৰমণিকা তৃতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত বিয়লি ৪ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ ধ্বনি দি সদনৰ মজিয়ালৈ উঠি যায়। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে লোকসভাই ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫ গ্ৰহণ কৰে। অধ্যক্ষই প্ৰতিবাদৰত সদস্যসকলক সদনৰ কাম-কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৫ গৃহীত হোৱাৰ পাছতে অধ্যক্ষই সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ আগেয়ে সদনৰ কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত সদনে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহাকাশ কাৰ্য্যসূচীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ভাৰতীয় মহাকাশচাৰী কেপ্তেইন সুভাংশু শুক্লাৰ যাত্ৰা সম্পর্কে বিশেষ আলোচনা পুনৰ আৰম্ভ কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই বিৰোধী পক্ষই অযথা হুলস্থূল সৃষ্টি কৰা বুলি আৰু এনে গুৰুত্বপূৰ্ণ বিষয় লৈ সদনত আলোচনা হ’ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয়, যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী হিচাপে ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে। শ্ৰীডুবেই কয়, যে কংগ্ৰেছে ভাৰতীয় মহাকাশ খণ্ডৰ প্ৰতি অৱহেলা কৰিছিল আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৱলীকৰণৰ বাবে একো কৰা নাছিল। নাম্বি নাৰায়ণৰ বিষয়ে উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, যে এগৰাকী ৰাষ্ট্ৰীয় মৰ্য্যাদাসম্পন্ন বিজ্ঞানীও কিদৰে শাৰীৰিক অপমানৰ সন্মুখীন হ’বলগীয়া হৈছিল, সেই বিষয়ে তেওঁৰ ঘটনাই সোঁৱৰাই দিয়ে। ইয়াৰ পাছতে অধ্যক্ষই হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাৰ্য্য-ক্ৰমণিকা বিয়লি ৪ বজালৈ স্থগিত ৰাখে ।
কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ দলসমূহে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সন্দৰ্ভত আলোচনা কৰাৰ দাবী তুলি সদন উত্তাল কৰি তোলে। ইয়াৰ মাজতে অধ্যক্ষই শূণ্যকালৰ কাম চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ধ্বনি দিবলৈ ধৰে। অধ্যক্ষই এনে অচলাৱস্থাৰ মাজতে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই এতিয়াৰে পৰা কাশ্মীৰী, কোংকানী আৰু চাওতালী ভাষাতো অনুবাদৰ সুবিধা উপলব্ধ হোৱা বুলি সদনক অৱগত কৰে । তেওঁ কয়, যে সম্প্ৰতি হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, বড়ো, দোগ্রী, গুজৰাটী, কানাড়া, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলুগু আৰু উৰ্দু- এই ১৮ টা ভাষাত সদনৰ কাৰ্য্য-ক্ৰমণিকা অনুবাদৰ সুবিধা আছে। শ্ৰী বিৰলাই কয়, যে কাশ্মীৰী, কোংকানী আৰু চাওতালী ভাষাৰ অন্তৰ্ভুক্তিৰ পাছত এতিয়াৰে পৰা সদনত সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ থকা ২২ টা ভাষাৰ আটাইকেইটাতে অনুবাদৰ সুবিধা উপলব্ধ হৈছে।
ইয়াৰ পাছতে অধ্যক্ষই প্রশ্নোত্তৰ কাল চলাই নিয়াৰ চেষ্টা কৰে যদিও বিৰোধী সদস্যসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণক লৈ আলোচনা বিচাৰি প্ৰতিবাদ কৰিবলৈ ধৰে। শ্ৰী বিৰলাই বিৰোধী সদস্যসকলক সদনৰ কামকাজ চলাই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাই কয়, যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু বিৰোধী সদস্যসকলে সদনৰ কামকাজ নিয়াৰিকৈ সম্পাদন কৰাত সহযোগিতা আগবঢ়োৱা উচিত। অধ্যক্ষৰ আহ্বানৰ পাছতো বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত শ্ৰীবিৰলাই সদনৰ কামকাজ দুপৰীয়া ১২ বজা পর্যন্ত স্থগিত ৰাখে।
ৰাজ্যসভাতো আজি একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে বিভিন্ন বিষয় লৈ ৰাজনৈতিক দলসমূহে প্ৰেৰণ কৰা সভা স্থগিতকৰণৰ ২০ খন জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ একাংশ সদস্যই ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বিষয় লৈ ধ্বনি দিবলৈ আৰম্ভ কৰে। উপ-সভাপতি হৰিবংশে শূণ্য কালৰ কাম-কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলাই কয়, যে শূণ্যকালত সাংসদসকলে ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব পাৰে। তেওঁ লগতে প্ৰতিবাদৰত সদস্যসকলক নিজৰ নিজৰ আসন গ্রহণ কৰিবলৈ অনুৰোধ জনায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰাখে। অনুৰোধৰ পাছতো অচলাৱস্থা অব্যাহত থকাত উপ-সভাপতিগৰাকীয়ে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখে। দিনৰ ২ বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনে খনি আৰু খনিজাত পদাৰ্থৰ বিকাশ আৰু নিয়ন্ত্রণ সংশোধনী বিধেয়ক-২০২৫ গ্রহণ কৰে। ইয়াৰ পাছতে উচ্চ সদনৰ কাৰ্য্য-ক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয় ৷