August 19, 2025 8:30 PM

views 16

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ লৈ সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ আজিও সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত হয়। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কাৰ্য্য-ক্ৰমণিকা কেইবাবাৰো ব্যাহত হোৱাৰ পাছত দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।        কাৰ্য্য-ক্ৰমণিকা তৃতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত বিয়লি ৪ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ ধ্বনি দি সদনৰ মজিয়ালৈ উঠি যায়। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে লোকসভাই ভাৰতীয় ব্যৱস...

January 8, 2025 1:40 PM

views 14

এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত যুটীয়া আজি সংসদীয় সমিতিৰ বৈঠক

এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে সংবিধান বিধেয়ক ২০২৪ আৰু কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪ হিচাপে বিধেয়ক দুখনৰ নামৰ প্ৰস্তাৱিত কৰা হৈছে। লোকসভাৰ পৰা ২৭ জন আৰু ৰাজ্যসভাৰ পৰা ১২ জন সদস্যলৈ গঠিত ৩৯ জনীয়া সমিতিয়ে পৰৱৰ্তী সংসদ অধিৱেশনৰ প্ৰথম দিনা প্ৰতিবেদন দাখিল কৰিব।

December 4, 2024 12:09 PM

views 23

সংসদ ভৱনৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান লোকসভাৰ সচিবালয়ৰ

লোকসভাৰ সচিবালয়ে সাংসদসকলক সংসদ ভৱনৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। সচিবালয়ে কালি প্ৰকাশ কৰা এই আহ্বানত কয়, যে সংসদৰ অধিৱেশন চলি থকা সময়ত প্ৰৱেশদ্বাৰত এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিলে সংসদৰ কাৰ্যক্ৰমণিকা বাধাপ্রাপ্ত হয় বুলি লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ সভাপতিয়ে আহ্বান জনাইছে। সংসদ আৰু ইয়াৰ সদস্যসকলৰ সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি সচিবালয়ৰ এই বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।