ডাউনলোড
মোবাইল এপ

android apple
signal

বৰাক উপত্যকাৰ পৰিবহন ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী পৰিমল শুক্লবৈদ্যৰ

শিলচৰৰ সাংসদ তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ পৰিবহন ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী জনাইছে। সাংসদগৰাকীয়ে আজি লোকসভাত অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শিলচৰ আৰু নতুন দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰে। তেওঁ কয় যে শিলচৰ অসমৰ বাবেই নহয় বৰং মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ বাবেও যোগাযোগৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। প্ৰতিদিনে শিলচৰ পৰা দিল্লী আৰু দেশৰ অন্য প্ৰান্তলৈ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, ৰোগী, কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে যাত্ৰা কৰে বুলি সাংসদগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে শিলচৰ আৰু নতুন দিল্লীৰ মাজত পোনপটীয়া বিমান যাত্ৰা আৰম্ভ কৰিলে আঞ্চলিক যোগাযোগ অধিক শক্তিশালী হ’ব, যাত্ৰাৰ সময়ত হ্ৰাস পাব আৰু জনসাধাৰণৰ সুবিধা বৃদ্ধি হ’ব। উড়ান প্ৰকল্পৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰতো এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক