July 30, 2025 8:39 PM

views 20

বৰাক উপত্যকাৰ পৰিবহন ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী পৰিমল শুক্লবৈদ্যৰ

শিলচৰৰ সাংসদ তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ পৰিবহন ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী জনাইছে। সাংসদগৰাকীয়ে আজি লোকসভাত অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শিলচৰ আৰু নতুন দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰে। তেওঁ কয় যে শিলচৰ অসমৰ বাবেই নহয় বৰং মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ বাবেও যোগাযোগৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। প্ৰতিদিনে শিলচৰ পৰা দিল্লী আৰু দেশৰ অন্য প্ৰান্তলৈ ভালেসংখ্যক ছা...