পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পুনৰ বিবেচনাৰ আবেদন ৰাজ্য চৰকাৰৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে আবেদন জনাইছে। কালি এই স্থগিতাদেশৰ সংশোধনী বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা হস্তক্ষেপধৰ্মী আবেদনৰ শুনানি ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে গ্ৰহণ কৰে আৰু এই সম্পৰ্কত ৬ জানুৱাৰীৰ ভিতৰত শপতনামা দিবলৈ গুচৰীয়া পক্ষক নিৰ্দেশ দিয়ে। অসম চৰকাৰে দাখিল কৰা এই হস্তক্ষেপধর্মী আবেদনখনত যিবোৰ পঞ্চায়তক লৈ আসোঁৱাহৰ অভিযোগ উঠিছে অথবা গোচৰ ৰুজু হৈছে সেই পঞ্চায়ত এলেকাসমূহক বাদ দি বাকী অঞ্চলসমূহত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিবলৈ ন্যায়ালয়ত আবেদন জনাইছে। উল্লেখযোগ্য যে, পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণত বিভিন্ন আসোঁৱাহৰ অভিযোগ তুলি একাংশ প্রার্থীয়ে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। উল্লেখযোগ্য যে এই আবেদনৰ ভিত্তিত যোৱা ১৭ ডিচেম্বৰত ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে ৯ জানুৱাৰী পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নির্দেশ দিছিল।