পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াসহ বশিষ্ঠ চাৰিআলিৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে ২০১৮ চনৰ তুলনাত বিজেপিৰ পক্ষত এইবাৰ ভোটদানৰ হাৰ ২৬ শতাংশতকৈও অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰে। জিলা আয়ুক্তসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলসমূহে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ৩০০ খনত জয়লাভ কৰাৰ লগতে আঞ্চলিক পঞ্চায়তৰ দুহেজাৰ ১৯২ খন আসনৰ এহেজাৰ ৪৩৬ খনত জয়লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ এই আস্থা আৰু বিশ্বাস ২০২৬ চনৰ নিৰ্বাচনতো প্রতিফলিত হ’ব বুলি আশা প্রকাশ কৰে। বিজেপিয়ে এইবাৰ সংখ্যালঘু অঞ্চলতো যথেষ্ট সংখ্যক আসন লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি কয়, যে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ সৱলীকৰণ নীতিক বুজি পাইছে আৰু সেয়েহে তেওঁলোকৰ সমৰ্থনো বৃদ্ধি পাইছে। ড° শৰ্মাই এই নিৰ্বাচনত বিজয়ী হোৱা আৰু পৰাজিত হোৱা সকলোকে লৈ গুৱাহাটীত এখন পঞ্চায়ত সন্মিলন আয়োজন কৰাৰ কথাও প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এ আই ইউ ডি এফে হাটশিঙিমাৰীত কালি এখন সংবাদমেলৰ আয়োজন কৰে। দলটোৰ কেন্দ্ৰীয় উপ-সভাপতি তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলামে মানকাচৰকে ধৰি ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফে লাভ কৰা আসনৰ সংখ্যা কম যদিও পূৰ্বৰ তুলনাত ভোটৰ সংখ্যা বৃদ্ধি পাইছে বুলি দাবী কৰে।
Site Admin | May 14, 2025 11:18 AM | panchayat election cm & dilip saikia
পঞ্চায়ত নিৰ্বাচনত ২০১৮ চনৰ তুলনাত এইবাৰ বিজেপিৰ পক্ষত ভোটদান ২৬ শতাংশতকৈও অধিক বৃদ্ধিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
